Saturday, July 29, 2023

গৰ্ভৱতী হ’বলৈ ভাৰতৰ এইখন গাঁৱৰ পুৰুষৰ ওচৰলৈ আহে বিদেশৰ মহিলা। কিন্তু কিয়? - Pregnancy Tourism In Ladakh


ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে। ভাৰতৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি চলি অহা বহু নিয়ম-নীতি আছে। ঠিক তেনেকৈ ভাৰতৰ এখন গাঁও, য’ত বিদেশী মহিলাই সন্তান লাভৰ বাবে সেই গাঁওখনৰ স্থানীয় পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহে।

 ভাৰতৰ বিভিন্ন স্থান ভ্ৰমণ কৰিবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ বিদেশী নাগৰিক আহে। কিন্তু ভাৰতৰ এনে এখন গাঁও আছে য’ত আধুনিক সভ্যতাৰ পোহৰ এতিয়াও পৰা নাই। কিন্তু সেইখন গাঁৱলৈ বহু বিদেশী মহিলাই যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহে। কাৰ্গিলৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগৰ লাডাখত অৱস্থিত এই গাঁওখন।


বুৰঞ্জীৰ মতে, পুৰুৰ হাতত পৰাস্ত হৈ মহান আলেকজেণ্ডাৰ যেতিয়া উভতি গৈছিল, তেতিয়া তেওঁৰ সৈন্যবাহিনীৰ কিছু অংশ এই গাঁৱতে থাকি গ’ল। পিছলৈ এই গাঁৱত বসবাস কৰা লোকসকলক ব্ৰকোপা জনগোষ্ঠীৰ সদস্য বুলি জনা গৈছিল। তেওঁলোকক আলেকজেণ্ডাৰৰ বংশধৰ বুলি গণ্য কৰা হয়। আৰু সেইবাবেই এই গাঁওখনৰ নাম আৰ্য উপত্যকা বা আৰ্য ভেলী হৈ পৰিল।

আমি সকলোৱে আলেকজেণ্ডাৰৰ সাহস আৰু শক্তিৰ বিষয়ে জানো। আলেকজেণ্ডাৰ দ্য গ্ৰেট আছিল এজন ওখ, পুৰুষসুলভ, চফল পুৰুষ। তেওঁৰ চেহেৰা আছিল গোল আৰু ৰঙীন, জোঙা আছিল নাক, সোণালী আছিল চুলি আৰু চকু নীলা আছিল ।

 ইউৰোপৰ পৰা অহা মহিলাসকলেও বিশ্বাস কৰিছিল যে তেওঁৰ সাহসী সৈন্যসকলৰ শৰীৰতো আলেকজেণ্ডাৰৰ দৰে একে তেজ বৈ আছে। সেয়েহে মহান আলেকজেণ্ডাৰৰ দৰে সন্তান জন্ম দিয়াৰ আশাত ইউৰোপীয় মহিলাসকল এই গাঁওখনলৈ আহিছিল।


 কাৰণ তেওঁলোকৰ বিশ্বাস যে যদি তেওঁলোকে ইয়াৰ পুৰুষসকলৰ লগত সংগম কৰে তেন্তে তেওঁলোকৰ সন্তান আলেকজেণ্ডাৰৰ দৰে হ’ব। যেতিয়া ইউৰোপীয়ান মহিলাসকলে এই গাঁৱৰ পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰি গৰ্ভৱতী হয় তেতিয়া তেওঁলোক বিনাচৰ্তে পুনৰ নিজৰ দেশলৈ উভতি যায়।


উল্লেখ্য যে আৰ্য ভেলী নামৰ এই অঞ্চলটো পাঁচখন গাঁও মিলি গঠিত হৈছে। এই পাঁচখন গাঁৱৰ সমাহাৰক আৰ্য ভেলী বুলি জনা যায়। এই অঞ্চলটোত সম্প্ৰতি আৰ্য জনগোষ্ঠীৰ ২০০০ৰো অধিক লোক বসবাস কৰে।

 আমাৰ তুলনাত এই জনগোষ্ঠীটোৰ সাজ-পোছাক আৰু খোৱা-বোৱাৰ ধৰণ বেলেগ। আজি কিছু বছৰৰ পৰা অঞ্চলটোত বিদেশী আহি যৌন সম্পৰ্ক স্থাপন কৰাটো এটা ব্যৱসায়ত পৰিণত হৈছে। ক্ৰমাৎ এই অঞ্চলৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। যাৰ বাবে লাডাখৰ এই উপত্যকাৰ আশে-পাশে পৰ্যটনৰো বিকাশ ঘটিছে।

0 Comments:

Post a Comment

Popular Posts