Showing posts with label Assamese Movie. Show all posts
Showing posts with label Assamese Movie. Show all posts

Saturday, July 13, 2019

Mon Hira Doi Lyrics (মন হীৰা দৈ চাইকেল নহয় টিলিঙা ) Assamese Lyrics

মন হীৰা দৈ


Assamese Song:                 Mon Hira Doi
Album:                                 Bowari
Singer:                                 Mahananda Majinder Borua
Music Director:                    Upen Kakati
Year:                                   1979
 

মন হীৰা দৈ চাইকেল নহয় টিলিঙা
মন হীৰা দৈ ডেকা নহয় পিলিঙা
ৰহ ঢলা পথাৰত, আহিবা ঐ নিজানত
মন হীৰা দৈ তোমাৰনো কুমলীয়া মাত ।

মন হীৰা দৈ গাভৰু নহয় লহঙা
মন হীৰা দৈ পীৰিতি নহয় মহঙা
মেলেঙৰে বজাৰত, ঢেঁকীয়ালৰ কলহত
মন হীৰা দৈ গুৰৰ বজাৰ আঁহতৰ ছাঁত ।

মন হীৰা দৈ বোৱাৰী নহয় যখিনী
বেমাৰ নহয় গ্ৰহণী
ভাত নহয় অমাতৰ মাত ।
অ’ মন হীৰা দৈ ছোৱালী নহয় ঢেপেচী,
এচাৰি নহয় লেকেচি, নজৰ পালে এৰাব আন ।

মন হীৰা দৈ কুলি-কেতেকীৰ মিঠা মাতৰ সুৰেৰে
কুলি-কেতেকীৰ মিঠা মাতৰ সুৰেৰে
কি কথা মোক কৈছিলা নৈৰে ঐ ঘাটতে ।
নেপায় নহয় ঠগিব, জীৱন ধংস কৰিব
প্ৰলয় হ’লে পৰিব বিনা মেঘে ব্ৰজপাত
মন হীৰা দৈ জিৰাবাহি যৌৱনৰে ছাঁত ।

মন হীৰা দৈ মাত নহয় মুৰুলী
হাঁহি নহয় বিজুলী, দেহা নহয় বিৰিণাৰ পাত
মন হীৰা দৈ সাতদিনিয়া বহাগত
নাচিবা ঐ উলাহত, পীৰিতিৰে লগাবা মাত ।

মন হীৰা দৈ জাঁজী নৈ চনমা, বিহু কৰোঁ আহা
হাততে টকাটি মুখতে হাঁহিটি, জীৱন কিনো মোহনীয়া
কিনো মোহনীয়া মাত ।
অ’ কলাকৈ কুলিয়ে জীৱন জাঁজী নৈ চনমা
এ কেনেকৈ জানিলে জীৱন জাঁজী নৈ চনমা
কলাকৈ কুলিয়ে জীৱন জাঁজী নৈ চনমা
এ কেনেকৈ জানিলে জীৱন জাঁজী নৈ চনমা
মেলিলে আমৰে, মেলিলে আমৰে পাত ।
মন হীৰা দৈ চাইকেল নহয় টিলিঙা ।।

Monday, April 1, 2019

Saturday, December 1, 2018

এনিমেশ্বন কথাছবি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ ৰ টিজাৰ মুকলি



#এনিমেশ্বন কথাছবি "মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ" ৰ #টিজাৰ মুকলি
#বিশেষ সংৱাদ,৩০ নবেম্বৰ ::: এনিমেশ্বন কথাছবি 'মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ'ৰ প্ৰাৰম্ভিক দৃশ্যাংশ(টিজাৰ) আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । ৰমণী চিত্ৰম স্মৃতি ন্যাসৰ প্ৰযোজনাত আৰু ডালিম পাঠকৰ সামগ্ৰিক পৰিকল্পনাত নিৰ্মীয়মাণ অগতানুগতিক কথাছবিখনৰ প্ৰাৰম্ভিক দৃশ্যাংশ শুকুৰবাৰে গুৱাহাটীৰ বেলতলাস্হিত গ্ৰেণ্ড ভবেন্দ্ৰালয় হোটেলৰ ৰঙ্গালয় সভাকক্ষত মুকলি কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকে । বিশিষ্ট অভিনেতা নিপন গোস্বামী , দীনেশ দাস , সত্ৰাধিকাৰ সুশীল মহন্ত আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গৌতম দাস পৰিচালিত এনিমেশ্বন কথাছবিখনৰ "টিজাৰ" মুকলি কৰা হয় । ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱাই মাধৱদেৱৰ মুখ্য চৰিত্ৰত আৰু ছৈয়দ চাদুল্লাই শংকৰদেৱৰ চৰিত্ৰত কণ্ঠদান কৰা ছবিখনৰ সংগীত পৰিচালনা কৰিছে গুণীন্দ্ৰ ওজা , জিতেন বসুমতাৰীৰ আৰু হেমেন্দ্ৰ দাসে । ছবিখনৰ সহযোগী পৰিচালক অৱণীৰঞ্জন পাঠকৰ আৰু গৱেষণা প্ৰভাত চন্দ্ৰ দাসৰ ।

Popular Posts