Showing posts with label Helth Tips. Show all posts
Showing posts with label Helth Tips. Show all posts

Sunday, March 17, 2024

Tuesday, May 5, 2020

খেজুৰৰ উপকাৰীতা - Benefits of Dates in Assamese

খেজুৰ সুস্বাদু হোৱাৰ লগতে আমাৰ শৰীৰৰ বাবে উপকাৰী পুষ্টিকৰ ফল । খেজুৰত ফাইবাৰ , পটাছিয়াম , প্ৰটিন , কাৰ্বহাইড্ৰেট , আইৰণ , কেলছিয়াম , ছডিয়াম , মেগনেছিয়াম , ভিটামিন-বি ,চি ,ডি , এচকৰবিক এচিড আদি উপাদান পোৱা যায় ।
খেজুৰৰ উপকাৰীতা -----
(১) প্ৰচুৰ পৰিমানে আইৰণ থকাৰ বাবে ৰক্তহীনতা দূৰ কৰে ।
(২) খেজুৰ খালে শৰীৰৰ ভিটামিনৰ অভাৱ পূৰণ হয় ।
(৩) প্ৰটিনেৰে ভৰপুৰ হোৱা বাবে খেজুৰ খালে মাংস পেশী শক্তিশালী হৈ থাকে ।
(৪) খেজুৰ আঁহ যুক্ত হোৱাৰ বাবে কোষ্ঠকাঠিন্যতা দূৰ কৰে ।
(৫) শৰীৰৰ হাড় মজবুত কৰে । বয়স বঢ়াৰ লগে-লগে হাড় থুনুকা হোৱা ৰোধ কৰিব পাৰে ।
(৬) নিয়মীয়াকৈ খেজুৰ খালে শৰীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা লাভ কৰে ।
(৭) খেজুৰে খাদ্য হজম কৰাত সহায় কৰে ।
(৮) ভিটামিন-এ থকাৰ বাবে দৃষ্টি শক্তি বৃদ্ধি কৰে । কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰে ।
(৯) খেজুৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদ ৰোগৰ সম্ভাৱনা কম কৰে ।
(১০) খেজুৰে কৃমি নাশ কৰে ।
(১১) স্মৃতি শক্তি বৃদ্ধিত সহায় কৰে ।
(১২) খেজুৰে স্নায়ুতন্ত্ৰ সৱল কৰে ।
(১৩) খেজুৰ খালে ছাল মসৃণ হোৱাৰ লগতে উজ্বলতা বাঢ়ে ।
(১৪) পানী লগা , শুকান কাহ আদি শ্বাস-প্ৰশ্বাস জনিত ৰোগত খেজুৰ উপকাৰী ।
(১৫) বাত বিষ বা গাথিৰ বিষতো খেজুৰ উপকাৰী ।

Friday, May 1, 2020

মুখৰ ভিতৰত আলচাৰ বা ঘা হ'লে লবলগীয়া কেইটামান ঘৰুৱা উপায়

মুখৰ ভিতৰত আলচাৰ বা ঘা হ'লে লবলগীয়া ঘৰুৱা উপায় সম্পৰ্কে কেইটামান দিহা ।

1. এলোভেৰা জেল ঘা হোৱা ঠাইত লগাব । ই প্ৰাকৃতিক এন্টিচেপ্টিক , এন্টিবিক্টেৰিয়
েল আৰু এন্টিভাইৰেল ।
2. ‌ধনিয়া পাত পানীত উতলাই কুলি কৰিব ।
3. যষ্টিমধু এচামুচ এগিলাছ পানীত ২ ঘন্টা তিয়াই থৈ কুলি কৰিব ।
4. নাৰিকলৰ গাখীৰৰ লগত মৌ মিহলাই ঘা হোৱা ঠাইত ঘনে ঘনে লগাই থাকিব ।
5. ‌দিনে ৪/৫ বাৰ তুলসী পাত ৪/৫ টাকৈ চোবাই খালে ঘা সোনকালে শুকায় ।
ভালে থাকক ।

From: বিনু লস্কৰ



Popular Posts