#এনিমেশ্বন কথাছবি "মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ " ৰ #টিজাৰ মুকলি
#বিশেষ সংৱাদ,৩০ নবেম্বৰ ::: এনিমেশ্বন কথাছবি 'মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ 'ৰ প্ৰাৰম্ভিক দৃশ্যাংশ(টিজাৰ)
আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । ৰমণী চিত্ৰম স্মৃতি ন্যাসৰ প্ৰযোজনাত
আৰু ডালিম পাঠকৰ সামগ্ৰিক পৰিকল্পনাত নিৰ্মীয়মাণ অগতানুগতিক কথাছবিখনৰ
প্ৰাৰম্ভিক দৃশ্যাংশ শুকুৰবাৰে গুৱাহাটীৰ বেলতলাস্হিত গ্ৰেণ্ড ভবেন্দ্ৰালয়
হোটেলৰ ৰঙ্গালয় সভাকক্ষত মুকলি কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত
বন্তি প্ৰজ্বলন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকে । বিশিষ্ট
অভিনেতা নিপন গোস্বামী , দীনেশ দাস , সত্ৰাধিকাৰ সুশীল মহন্ত আদিকে ধৰি
কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গৌতম দাস পৰিচালিত এনিমেশ্বন
কথাছবিখনৰ "টিজাৰ" মুকলি কৰা হয় । ধ্ৰুপদী শিল্পী ৰঞ্জন বেজবৰুৱাই মাধৱদেৱৰ
মুখ্য চৰিত্ৰত আৰু ছৈয়দ চাদুল্লাই শংকৰদেৱৰ চৰিত্ৰত কণ্ঠদান কৰা ছবিখনৰ
সংগীত পৰিচালনা কৰিছে গুণীন্দ্ৰ ওজা , জিতেন বসুমতাৰীৰ আৰু হেমেন্দ্ৰ দাসে
। ছবিখনৰ সহযোগী পৰিচালক অৱণীৰঞ্জন পাঠকৰ আৰু গৱেষণা প্ৰভাত চন্দ্ৰ দাসৰ ।
#বিশেষ সংৱাদ,৩০ নবেম্বৰ ::: এনিমেশ্বন কথাছবি 'মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ